32T MASS

2023

ASSAMESE 

(MODERN  INDIAN  LANGUAGE)

(NEW COURSE)


 Full Marks :   100

Pass Marks :   30


Time : Three hours



The figures in the margin indicate full marks for the questions.

                                                        Q No. 1 carries 1 mark each       1×7=7

                                                        Q. No. 2 carries 2 marks each    2×7=14

                                                        Q. No. 3 carries 4 marks each     4×1=4

                                                        Q. No. 4 carries 5 marks each     5×2=10

                                                        Q. No. 5 carries 1 mark each       1×5=5

                                                        Q. No. 6 carries 2 marks each      2x5=10

                                                        Q. No. 7 carries 4 marks out         4×1=4

                                                        Q. No. 8 carries 3 marks each      3x2=6

                                                        Q. No. 9 carries 2 mark each        2x2=4

                                                        Q. No. 10 carries 2 marks each    2x2=4

                                                        Q. No. 11 carries 4 marks each     4×1=4

                                                        Q. No. 12 carries 6 marks each     6×1=6

                                                        Q. No. 13 carries 1 mark cach       1×5=5

                                                        Q. No. 14 carries 2 marks cach      2×4=8

                                                        Q. No. 15 carries 10 marks encit    10×1=10 

                                                                                                               Total -100



১। তলৰ যিকোনো সাতোটা প্ৰশ্নৰ উত্তৰ কৰিবাঃ     ১×৭=৭


(ক) 'ওমৰ তীৰ্থ' পুথিখনিৰ মূল কি ?

(খ) মানুহৰ সাৰবস্তু কি ?

(গ) 'এনক গাৰ্ডেন'ৰ অনুবাদকাৰী নাম লিখা । 

(ঘ) কাৰ্বি ভাষাৰ প্ৰথম কথাছবিখনৰ নাম কি ?

(ঙ) বসন্ত ৰাগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ কি ? 

(চ) তীৰ্থনাথ শৰ্মাৰ একমাত্ৰ কাব্যগ্ৰন্থ খনৰ নাম কি ?

(ছ) 'শব্দ, নিৰন্তৰ শব্দ' – গ্ৰন্থখনিৰ ৰচক কোন ?

(জ) লক্ষ্মীনাথ বেজবৰুৱাৰ বুৰঞ্জীমূলক নাটক এখনৰ নাম লিখা ।

(ঝ) 'Comedy of Error's' ৰ অসমীয়া ভাঙনি 'ভামৰংগ' কোন চনত প্ৰকাশ পাইছিল ? 

(ঞ) আনন্দৰাম বৰুৱাই ল'ৰাকালতে কণ্ঠস্থ কৰা গ্ৰন্থখনৰ নাম কি ?

(ট) কোন দেশৰ প্ৰাচীন নৃপতিসকলক 'গজজ' খিতাপেৰে বিভূষিত কৰা হৈছিল ? 

(ঠ) টিংখণ্ডৰ পৰা বাগানৰ ডাক অনা বনুৱাজনৰ নাম কি ?


২। তলৰ যিকোনো সাতোটা প্ৰশ্নৰ উত্তৰ লিখাঃ      ২×৭=১৪


(ক) ‘মাথাপোট' আৰু 'দ্বিৰা গমন' শব্দৰ অৰ্থ লিখা।

(খ) কথা-কবিতা কাক বোলে ? ইয়াৰ দুটা বৈশিষ্ট্য লিখা ।

(গ) 'শ্ৰদ্ধয়া দেয়ম', 'অশ্ৰদ্ধয়া অদেয়ম' মানে কি ? 

(ঘ) ঈশোপনিষদৰ প্ৰথম মন্ত্রটিত কি বিধিবাক্য আছে্ ? 

(ঙ) বিজ্ঞানৰ মানৱ জাতিলৈ বহু বেছি মূল্যবান অৱদান কি কি ?

(চ) আনন্দৰাম বৰুৱাৰ কোনবোৰ গুণ অনুকৰণ কৰিবলগীয়া ?

(ছ) 'মোৰ মাতৃমুখ দৰ্শন'ৰ লেখকে উল্লেখ কৰা 'মাজিউ' আৰু 'জ্ঞান' কোন আছিল ?

(জ) বর্তমান সময়ত চিঠিৰ প্ৰাসংগিকতা আৰু মধুৰতা কিয় কমি গ'ল ?

(ঝ) আনন্দৰাম বৰুৱাৰ সময়ত ভাৰতীয় মানুহে ইউৰোপলৈ যাবলৈ কিয় সাহস কৰা নাছিল ?

(ঞ) হস্তিবিদ্যাৰ্ণৰ পুথিখনি কোনে কাৰ নিৰ্দেশত কিমান খৃষ্টাব্দত ৰচনা কৰিছিল ?

(ট) তোমাৰে আনন্দ বৰুৱাই -- বুলি কোনটো কবিতাত কোনে আনন্দৰাম বৰুৱাৰ প্ৰশস্তি গাইছে ?  

(ঠ) উৎপল দত্তই পৰিচালনা কৰা তিনিখন তথ্যচিত্ৰৰ নাম লিখা ।

৩।‌ প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰাঃ‌ (যিকোনো এছোৱা)      ৪×১=৪


(ক) "ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ বেদ ।"

(খ) কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্রকৃত মৃত্যু স্বৰূপ ।

(গ) চিঠি গল্পটিৰ নাম কৰণৰ সাৰ্থকতা বিচাৰ কৰা । 

(ঘ) বিজ্ঞানৰ গোটেই পদ্ধতিটোতে এই মুকলি মনটোৰ গুৰুত্ব বৰ বেছি ।

(ঙ) ময়ো বুজিলোঁ যে মোৰ এজন লগৰীয়াৰ পৰা ময়ো এটা দান পালোঁ ।



৪। যিকোনো দুটা প্ৰশ্নৰ উত্তৰ কৰাঃ       ৫×২=১০


(ক) গুৰুৱে শিক্ষাৰ্থীক অধ্যয়ন সমাপ্ত হোৱাৰ পিছত কি কি উপদেশ দিছিল ? 

(খ) 'ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ বেদ' – কথাষাৰ বুজাই লিখা । 

(গ) বৈজ্ঞানিক মানসিকতা কি ? বৈজ্ঞানিক মানসিকতাৰ অভাৱত আমাৰ সমাজত বৰ্তি থকা তিনিটা অন্ধবিশ্বাসৰ বিষয়ে লিখা ।

(ঘ) অসমীয়া চলচ্চিত্ৰ জগতলৈ ড° ভূপেন হাজৰিকাৰ অৱদান সম্পর্কে লিখা ।

(ঙ) ডিব্ৰুগড়ত গোটা চেৰেক কথাই মোক বৰ সন্তোষ দিছিল' – কোনবোৰ কথাই লক্ষ্মীনাথ বেজবৰুৱাক সন্তোষ দিছিল বুজাই লিখা ।


৫। তলৰ যিকোনো পাঁচোটা প্ৰশ্নৰ উত্তৰ লিখাঃ       ১×৫=৫


(ক) 'অলকানন্দ' কাব্যগ্ৰন্থ কাৰ ৰচনা ? 

(খ) মাধৱদেৱৰ অংকীয়া নাটখনৰ নাম কি ?

(গ) বৰগীতৰ অংশ দুটা কি ?

(ঘ) ড° নিৰ্মলপ্ৰভা বৰদলৈৰ আত্মজীৱনীখনৰ নাম কি ?

(ঙ) 'ৰাগী' শব্দৰ অৰ্থ কি ? 

(চ) জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি ?

(ছ) 'কাঠমিস্ত্ৰীৰ ঘৰ' সম্পর্কে নৱকান্ত বৰুৱাই কি মন্তব্য আগবঢ়াইছে ? 

(জ) জয়ন্তী আলোচনী কোনে সম্পাদনা কৰিছিল ?

(ঝ) মফিজুদ্দিন আহমদ হাজৰিকাৰ মৰণোত্তৰ কালত প্ৰকাশ পোৱা কবিতা পুথিখনৰ নাম কি ? 

(ঞ) নলিনীবালা দেৱীয়ে কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল ? 

(ট) 'আঘোণৰ কুঁৱলী' শীৰ্ষক কবিতাটিত উল্লেখিত 'সেউজী' কোন ? 


৬।  তলৰ যিকোনো পাঁচোটা প্ৰশ্নৰ উত্তৰ লিখাঃ       ২×৫=১০


(ক) মাধ্যমিক স্তৰৰ শিক্ষাৰ প্ৰধান বিশেষত্ব দুটা কি কি ?

(খ) জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা ।

(গ) ড° বাণীকান্ত কাকতিয়ে বৰগীতবোৰক কিয় Noble Numbers বুলি কৈছে ? 

(ঘ) নলিনীবালা দেৱীয়ে ঊষাৰ আগমণৰ বৰ্ণনা কেনেদৰে দিছে ?  

(ঙ) মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা ।

(চ) নলিনীবালা দেৱীৰ স্বদেশপ্ৰেমমূলক দুখন কাব্যগ্ৰন্থৰ নাম লিখা ।

(ছ) মাধৱদেৱৰ বৰগীতক ভাৰতীয় আন কোন দুগৰাকী কবিৰ গীতৰ লগত তুলনা কৰিব পাৰি । 

(জ) 'জয়ন্তী' ৰ কবিসকলৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা । 

(ঝ) নৱকান্ত বৰুৱাই ৰচনা কৰা দুখন উপন্যাসৰ নাম লিখা । 

(ঞ) ‘ষোড়শোপচাৰ' কি বুজাই লিখাঁ ।


৭। প্ৰসংগতি সংগতি দৰ্শাই ব্যাখ্যা কৰাঃ (যিকোনো এছোৱা)       ৪×১=৪


(ক) "উঠৰে উঠ বাপু গোপাল হে নিশি পৰভাত ভৈল ।

       কমল নয়ন, বুলি ঘনে ঘন, যশোৱা ডাকিতে লৈল ।"


(খ) "বিশ্বৰ যত কৰ্মীৰ দল 

       তেজ ঢালি গঢ়ে প্ৰসাদ উজ্জ্বল ।"

(গ) "আঘোণৰ আকাশতে উৰুলিৰ ৰাগি আছে,

        ৰাগি  আছে,

        আঘোণৰ আকাশত ৰাগি আৰু ৰাগি ।"

৮। তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখাঃ        ৩×২=৬ 


(ক) কবিৰ পৰম আৰাধ্যজনে আহি নিতে তেওঁক কেনেকৈ দৰ্শন দিয়ে ?

(খ) সত্ত্বঃ ৰজঃ তমো গুণ কি বুজাই লিখা ।

(গ) নিৰ্মলপ্ৰভা বৰদলৈৰ তিনিখন কবিতা পুথিৰ নাম লিখা । 

(ঘ) কবিৰ মতে পৃথিৱীলৈ 'নতুন মানুহ' আহিলে কি পৰিবৰ্তন হ'ব ? 

৯। তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখাঃ‌       ২×২=৪

 

(ক) 'প্ৰতীতি' শব্দৰ অৰ্থ কি ? 

 (খ) 'জীৱনৰ শান্তি পৰ্ব' শীৰ্ষক প্ৰবন্ধটিৰ ৰচক কোন ? 

 (গ) 'সত্যম শিবম সুন্দৰম' মানে কি ? 

 (ঘ) কৈশোৰকালৰ বাবে প্ৰচলিত শিক্ষাক কি শিক্ষা বোলা হয় ?


১০। তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখাঃ       ২×২=৪


(ক) বীৰপূজা কি ?

(খ) মানসিক শক্তি মানে কি ?

(গ) আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে মূল্যবোধ কেইটা আৰু কি কি ?

(ঘ) মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা চাৰিটা মৌলিক আৰু প্ৰাথমিক বিষয় কি কি ? 


১১। তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ কৰাঃ       ৪×১=৪


(ক) চিৰন্তন মূল্যবোধ সম্পর্কে লিখা ।

(খ) ভাৰতীয় দৰ্শনত মূল্যবোধ সম্পৰ্কে চমুকৈ লিখা ।

(গ) কৈশোৰকালৰ শাৰীৰিক বিকাশৰ বিষেয়ে লিখা ।


১২। প্রত্যয় কি ? ই কেইপ্ৰকাৰৰ আৰু কি কি ? পৰ প্ৰত্যয়ৰ উদাহৰণসহ আলোচনা কৰা । ১+২+৩=৬

অথবা

       কাৰক কাক বোলে ? ই কেইপ্ৰকাৰৰ আৰু কি কি ? উদাহৰণসহ আলোচনা কৰা । ১+২+৩=৬


১৩। তলৰ যিকোনো পাঁচটা শব্দৰ প্ৰত্যয় ভাঙি কি প্রত্যয় যোগ হৈছে লিখাঃ       ১×৫=৫

       শোৱন, নাচনী, সাধুতা, মগনিয়াৰ, ৰণুৱা, অসমীয়া, ৰূপহ, নদীয়াল, শোকন, খেতি, বিহুৱা, জপনা ।


১৪। তলত দিয়া জটুৱা খণ্ডবাক্যবোৰৰ অৰ্থ প্ৰকাশ কৰি বাক্য ৰচনা কৰাঃ (যিকোনো চাৰিটা)     ২×৪=৮

       চকু চৰহা, অজীন পাতকী, কঁকালত টঙালি বান্ধ, এন্দুৰক সেন্দুৰ পিন্ধোৱা, শঠামিতিৰ, গৰখীয়া ধেমালি, গোৰ মাৰি গংগাত পেলোৱা, বাটে পোৱালি মেলা, চৌঠেঙীয়া কৰা, ঢাপত গজা । 


১৫। তলৰ যিকোনো এখন ৰচনা লিখাঃ        ১০


(ক) সাহিত্য অকাদেমি বঁটা বিজয়ী এগৰাকী অসমীয়া সাহিত্যিক।

      (আৰম্ভণি পৰিচয় - সাহ্যিকৃতি - সাহিত্য ৰাজি - সামৰণি)

(খ) অসমৰ বানপানী 

      (আৰম্ভনি - বানপানীৰ ভয়াবহতা - বানপানী প্ৰতিৰোধৰ উপায় - সামৰণি)

(গ) অসমৰ লোক সংস্কৃতি।

      (আৰম্ভণি - লোক সংস্কৃতি কি - লোক সংস্কৃতিৰ স্বৰূপ - সামৰণি)

(ঘ) ছ'চিয়েল মিডিয়া আৰু সমাজত ইয়াৰ প্ৰভাৱ ।

      (আৰম্ভণি - ছ'চিয়েল মিডিয়া কি ?- জনপ্ৰিয়তাৰ মূল কাৰনসমূহ - নেতিবাচক দিশ - সামৰণি)

(ঙ) পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ ।

      (আৰম্ভণি - প্ৰদূষণৰ কাৰণ - ৰোধ কৰাৰ উপায় - পৰিবেশ ৰক্ষাত ব্যক্তি আৰু সমাজৰ দায়িত্ব - সামৰণি)

(চ) বিজ্ঞান আৰু মানৱ সমাজ

      (আৰম্ভনি - বিজ্ঞানৰ অৱদান - সুফল - কুফল - সামৰণি)


******** 


"Wish you the best of luck"

© Copyright Disclaimer: This Model Question Paper is prepared by Arpana Das & Diganta Deka, owner of @edunation19. All terms and conditions are reserved by edunation19.  if anyone found misusing it online or offline both without taking prior permission, he or she will be punished legally. It is allowed to use for Educational purposes, but credit to the original owner is required. Thank you.